কিংবদন্তি বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যু

[responsivevoice_button voice="Hindi Male"]

ৰাজ্যবাসীৰ বাবে আন এক দুখৰ খবৰ। কিংবদন্তি বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যু। দীৰ্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত চিকিৎসাধীন হৈ আছিল বাঁহীবাদকজন। চেন্নাইত চিকিৎসাধীন হৈ থকা অৱস্থাত পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে দীপক শৰ্মাই।৫৭ বছৰ বয়সত চেন্নাইৰ ৰেলা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি বাঁহীবাদকগৰাকীয়ে। দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে যোৱা ২১ অক্টোবৰত চেন্নাইলৈ প্ৰেৰণ কৰা হৈছিল।

১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল দীপক শৰ্মাৰ। তেওঁৰ পিতৃৰ নাম প্ৰয়াত প্ৰমোদ শৰ্মা। গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল বাঁহীবাদকজন। সৰুৰে পৰা সংগীতৰ প্ৰতি আগ্ৰহী দীপক শৰ্মা। মেট্ৰিক পাছ কৰি তেওঁ বাঁহী শিকিবলৈ গুৱাহাটীলৈ আহিছিল। বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ পৰা তেওঁ বাঁহী শিকিছিল।

দীপক শৰ্মাই ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীতত বাঁহী বজাই ৩ খন ছবিৰ সংগীত ৰচনা কৰিছিল। জংকি পানোই, জাতিংগা ইত্যাদি (২০০৭) আৰু লুইটোক ভেটিবো কুনে (২০১৩) আদি ছবিৰ সংগীত ৰচনা কৰি তেওঁ খ্যাতি অৰ্জন কৰে। জি টিভিত প্ৰচাৰিত কৰ্ম এণ্ড ৱাজিৰৰ সংগীত পৰিচালনাৰ লগতে ষ্টাৰ প্লাছত প্ৰচাৰিত কেলিডস্কোপৰ বেকগ্ৰাউণ্ড স্কোৰৰ বাবেও দীপক শৰ্মা আছিল মুখ্য বাঁহীবাদক। তেওঁৰ কামৰ বাবে তেওঁ কেইবাটাও বঁটা লাভ কৰে। শেহতীয়াকৈ দীপক শৰ্মাক ২০২৫ বৰ্ষৰ ‘জুবিন গাৰ্গ বঁটা’ প্ৰদান কৰা হয়।শিল্পীগৰাকীৰ অকাল মৃত্যুৱে ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পেলাইছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়ালৈ গৈ শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীয়ে কয়, “অসমীয়া সংগীতৰ প্ৰতি অপৰিসীম অৱদান আগবঢ়োৱা আৰু বাঁহীক বাদ্যযন্ত্ৰ হিচাপে জনপ্ৰিয় কৰি তোলা বিশিষ্ট বাঁহীবাদক দিপক শৰ্মাৰ অকাল মৃত্যুৰ বিষয়ে জানিবলৈ পাই গভীৰভাৱে যন্ত্ৰণাত ভুগিছো।”

শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু শুভাকাংক্ষী সকললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি’।

কিংবদন্তি শিল্পীগৰাকীৰ অকাল মৃত্যু ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি।

আনুষংগিক খবৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

তাজা খোবৰ