আজি আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন, ৰাজ্যজুৰি বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব

[responsivevoice_button voice="Hindi Male"]

আজি তেওঁৰ অবিহনে জুবিন গাৰ্গৰ ৫৩তম জন্মদিন। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত স্মৃতি আৰু শ্ৰদ্ধাঞ্জলিৰে মৰমৰ শিল্পীগৰাকীৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি চলোৱা হয়। জন্মদিনত কাহিলীপাৰাৰ বাসগৃহৰ চৌহদত স্থাপন কৰা হ’ব এই বাষ্ট। শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ পিতৃ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে এই প্ৰতিমূৰ্তি উন্মোচন কৰিব। কাহিলীপাৰাত থকা বাসগৃহৰ বেৰত অংকন কৰা জুবিন গাৰ্গৰ ফটো।

জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যিক বিজেপিয়ে ৫৩ স্থানত ‘জীৱন সুৰভি’ শীৰ্ষক এক কাৰ্যসূচী আৰম্ভ কৰিছে। আজি ৰাজ্যৰ ৫৩টা স্থানত শিল্পীগৰাকীৰ স্মৃতিত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।

আজি পুৱা ৯ বজাত খানাপাৰা খেলপথাৰত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘলে শিবিৰ উদ্বোধন কৰে। বিয়লি প্ৰায় ৪ বজাত খানাপাৰা খেলপথাৰত অনুষ্ঠিত শিবিৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰক্তদান কৰে।

আনুষংগিক খবৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

তাজা খোবৰ